05/06/2026
এছ চি চি ৰ যুৱ মাষ্টাৰ প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি...
ৰাজ্যিক পৰ্যায়ৰ শিক্ষামূলক স্বেচ্ছাসেৱী যুৱ ক্ৰীড়া অনুষ্ঠান ষ্টুডেণ্ট কেডেট কৰ্পছ(এছচিচি) ৰাজ্যিক সমিতিৰ উদ্যোগত কামৰূপ জিলাৰ পলাশবাৰীস্থিত পলাশবাৰী সংস্কৃতি বিকাশ ভৱনত অনুষ্ঠিত যুৱ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি। চাৰিদিনীয়া কাৰ্যসূচীৰে শৃংখলাবদ্ধতাৰে অনুষ্ঠিত হোৱা কাৰ্য্যসূচীৰ প্ৰথম দিনা প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যিক সভাপতিয়ে। ৰাজ্যিক সা সম্পাদক শ্ৰী সঞ্জয় শৰ্মাৰ মুখ্য প্ৰশিক্ষণত প্ৰশিক্ষণ কাৰ্য্যসূচী আৰম্ভ হয়। প্ৰশিক্ষণ কাৰ্য্যসূচীৰ দ্বিতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠানত কামৰূপ জিলাৰ সাধাৰণ সম্পাদক শ্ৰী লাভ শৰ্মাৰ পৰিচালনাত ৰাজ্যিক সভাপতি চাব্বিৰ হুছেইন, উপ সভাপতি মোস্তফা কামাল ডাঙৰীয়া, ৰাজ্যিক উপ সভাপতি শ্ৰী ধীৰেন নাথ শইকীয়া ডাঙৰীয়া, সাধাৰণ সম্পাদক শ্ৰী সঞ্জয় শৰ্মা ডাঙৰীয়া আৰু অন্যান্য ৰাজ্যিক ও জিলা বিষয় ববীয়াৰ উপস্থিতিত মুখ্য অতিথি হিচাপে শ্ৰী ৰিতু কলিতা ডাঙৰীয়াই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তৃতীয় দিনাৰ মুকলি সভাৰ মূল কাৰ্যসূচীত ৰাজ্যিক সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এছ চি চি অসম ৰাজ্যিকৰ মুখ্য উপদেষ্টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা মহোদয়।
তেখেতৰ সৈতে অনুষ্ঠানৰ সভাপতি হিচাপে দায়িত্ব পালন কৰাৰ সুযোগ লাভ কৰাটো মোৰ বাবে এক স্মৰণীয় অভিজ্ঞতা।
নিজৰ বহুমূলীয়া বক্তব্যত মুখ্য উপদেষ্টা গৰাকীয়ে এছ চি চি-ৰ লক্ষ্য, উদ্দেশ্য আৰু যুৱ সমাজ গঠনত এছ চি চি অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোকপাত কৰে। তেখেতৰ প্ৰেৰণাদায়ক ভাষণে উপস্থিত শিক্ষাৰ্থী আৰু প্ৰশিক্ষাৰ্থীসকলক বিশেষভাৱে অনুপ্ৰাণিত কৰাৰ লগতে অনুষ্ঠানৰ আদৰ্শ, শৃংখলা, নেতৃত্ব বিকাশ, সামাজিক দায়বদ্ধতা আৰু জাতীয় চেতনাৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলে।
ষ্টুডেণ্ট কেডেট কৰ্পছ এছ চি চি হৈছে এক ৰাজ্যিক পৰ্যায়ৰ শিক্ষামূলক স্বেচ্ছাসেৱী যুৱ ক্ৰীড়া অনুষ্ঠান, যিয়ে শৃংখলাবদ্ধ, দায়িত্বশীল, দেশপ্ৰেমিক আৰু সমাজসচেতন যুৱ প্ৰজন্ম গঢ়ি তোলাৰ লক্ষ্যৰে বিভিন্ন প্ৰশিক্ষণ, নেতৃত্ব বিকাশ, সামাজিক সেৱা, ক্ৰীড়া আৰু ব্যক্তিত্ব বিকাশমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে বুলি ৰাজ্যিক সভাপতি নিজৰ বক্তব্যত ব্যক্ত কৰে।
এই ধৰণৰ প্ৰশিক্ষণ শিবিৰসমূহে যুৱ সমাজক ইতিবাচক চিন্তাধাৰা, আত্মবিশ্বাস, নেতৃত্বৰ গুণ আৰু সমাজৰ প্ৰতি কৰ্তব্যবোধ গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে।
প্ৰশিক্ষণ কাৰ্য্যসূচীৰ পূৰ্বে স্থান, অনুমতি, নিমন্ত্ৰণ আদি ক্ষেত্ৰত ৰাজ্যিক সভাপতিৰ সৈতে কামৰূপ জিলাৰ সভাপতি শ্ৰী সঞ্জীৱ দাস, পৰৱৰ্তী সময়ত অনুমতিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত সাধাৰণ সম্পাদক শ্ৰী সঞ্জয় শৰ্মা ডাঙৰীয়া আৰু কেম্পত অংশগ্ৰহণকাৰী শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি সফল হোৱা ৰাজ্যিক প্ৰশিক্ষণ সম্পাদক শ্বেখ ফৰিদ(দৰং, ওদালগুৰি, শোনিতপুৰ), কামৰূপ জিলাৰ সভাপতি শ্ৰী সঞ্জীৱ দাস, লাভ শৰ্মা(কামৰূপ জিলাৰ ক্ষেত্ৰত), শ্ৰী সঞ্জয় শৰ্মা (বৰপেটা জিলাৰ ক্ষেত্ৰত), ৰাজ্যিক সভাপতি (নগাঁও জিলাৰ ক্ষেত্ৰত) পালন কৰা গুৰু দায়িত্বৰ কাৰণে শলাগ লৈছোঁ।
চাৰিদিনীয়া কাৰ্যসূচীৰে শৃংখলাবদ্ধতাৰে অনুষ্ঠিত যুৱ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ কাৰ্য্যসূচীত কাৰ্যালয় সম্পুৰ্ণ দায়িত্বত নিয়াৰিকৈ স্বচ্ছ ভাৱে পালন কৰাত ৰাজ্যিক উপ সভাপতি মোস্তফা কামাল ডাঙৰীয়া, প্ৰশিক্ষণত দিশত গুৰুত্বপুৰ্ণ দায়িত্ব পালন কৰা ৰাজ্যিক সা সম্পাদক শ্ৰী সঞ্জয় শৰ্মা ডাঙৰীয়া, অনুষ্ঠানৰ কাৰ্যকৰী সভাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা ৰাজ্যিক উপ সভাপতি শ্ৰী ধীৰেন নাথ শইকীয়া ডাঙৰীয়া, কেম্পৰ প্ৰশিক্ষণৰ দিশত গুৰুত্ব আৰোপ কৰা ৰাজ্যিক উপ সভানেত্ৰী মিছিৰা বেগম ডাঙৰীয়ানী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত গুৰুত্ব আৰোপ কৰা ৰাজ্যিক সম্পাদক শ্ৰী দিলীপ কলিতা ডাঙৰীয়া, প্ৰশিক্ষনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ন ভুমিকা পালন কৰি প্ৰশিক্ষণ প্ৰদান কৰা ক্ৰমে ৰাজ্যিক সম্পাদক শ্ৰী মৃণাল কান্তি দাস, কামৰূপ জিলা সভাপতি শ্ৰী সঞ্জীৱ দাস, ৰাজ্যিক প্ৰশিক্ষণ সম্পাদক শ্বেখ ফৰিদ, যুটীয়া সমাপদক শাহল ইবনে ৰহমত, সাংস্কৃতিক আৰু বাতৰিৰ দিশত ৰাজ্যিক সাংস্কৃতিক বিভাগৰ মুৰব্বী শ্ৰী উৎপল দাস, দৰং জিলাৰ সাধাৰণ সম্পাদক চাইফুদ্দিন আহমেদ, ৰাজ্যিক প্ৰশিক্ষণ সম্পাদক বুলবুল হুছেইন, ৰাজ্যিক সহ প্ৰশিক্ষণ সম্পাদক ৰাজু দাস, ৰাজ্যিক সহ প্ৰশিক্ষণ সম্পাদক শ্ৰী অমিত দেৱনাথ, ৰাজ্যিক প্ৰশিক্ষণ সম্পাদক শ্ৰী প্ৰাচুৰ্য্য ৰাধু বৰদলৈ, মৰিগাওঁ জিলাৰ সাধাৰণ সম্পাদক শ্ৰী মনোজ দত্ত, কামৰূপ জিলাৰ সাধাৰণ সম্পাদক শ্ৰী লাভ শৰ্মা(অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত), নগাঁও জিলাৰ সাধাৰণ সম্পাদক শ্ৰী বিতোপন মুধৈ, নগাঁও জিলাৰ সহকাৰী সম্পাদিকা শবনম চুলতানা, বৰপেটা জিলাৰ শ্ৰী অভিজিৎ দেউৰীকে আদি কৰি সকলোকে এছ চি চি ৰ ৰাজ্যিক সভাপতি ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনতো এছ চি চি ৰ এই যাত্ৰাত নিজৰ সৰ্বোচ্চ সেৱা আগবঢ়ায় যাব বুলি আশা কৰিছো। লগতে সেৱা দলৰ দৰং আৰু কামৰূপ জিলাৰ পৰা যিকেইগৰাকীয়ে সেৱা দলৰ জৰিয়তে কেম্পত সেৱা আগবঢ়াছে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
শেষত ৰাজ্যিক এছ চি চি সকলো অংশগ্ৰহণকাৰী শিক্ষাৰ্থী, প্ৰশিক্ষক আৰু আয়োজকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটোৰ সাফল্য কামনা কৰিলোঁ।
ধন্যবাদেৰে,
ৰাজ্যিক সভাপতি
এছ চি চি অসম
Charan Boro
SCC Assam Official
SCC ASSAM
State President of SCC Assam
Sanjay Babu Sarma
Mustafa Kamal
Dhiren Nath Saikia
Misira Begum
Mrinal Kanti
Shekh Alom
Sanjib Das
Amit Devnath
Utpal Das
Raju Das
Mowazzam Kabir
Shahal ER
Rx Bulbul