অসমৰ তৈল ক্ষেত্ৰৰ নিলাম আৰু নাঙল সমিতিৰ আন্দোলন
আজি আকৌ অখিল গ্ৰেপ্তাৰ হ’ল? কিয়? কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ে অসমৰ ১২ খন তৈল ক্ষেত্ৰৰ নিলাম কৰিব৷ মানে ব্যক্তিগত খণ্ডলৈ যাব৷ তাৰেই প্ৰতিবাদত অখিলে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সভাগৃহৰ সন্মুখত জংগী আন্দোলন কৰিলে৷ সেইবাবেই কেইবাজনো সংগীসহ অখিলক পুলিচে গ্ৰেপ্তাৰ কৰিলে৷ এতিয়া কথাটো হ’ল অখিলৰ আন্দোলন সঠিক নে?
প্ৰথম দৃষ্টিত সঁচা কথা ক’বলৈ গ’লে "অখিল সঠিক৷ হয়তো, অসমৰ তেল ব্যক্তিগত প্ৰতিস্থানক কিয় দিব? অসমী আইৰ বুকু ফালি তেল উলিয়াব আৰু সেয়া বেলেগে লৈ যাব? এয়া সঠিক কথা নহয়৷"
কিন্তু আমি আন কিছু দিশ চাব লাগিব৷
১) ভাৰতৰ খনিজ সম্পদ আৰু কেন্দ্ৰৰ অধিকাৰ:-
ভাৰতীয় সংবিধান অনুসৰি ভাৰতৰ যিবোৰ খনিজ সম্পদ সেয়া ৰাষ্ট্ৰীয় সম্পতি৷ অসমৰ তেলৰ দৰেই মেঘালয়ৰ কয়লা, চুনশিল বা কোলাৰৰ সোনৰ খনি কেন্দ্ৰীয় চৰকাৰৰ অধীনত৷ অসমক তেল গটাবলৈ হ’লে, কৰ্ণাটকক সোন আৰু মেঘালয়ক কয়লা গটাব লাগিব৷ আৰু বাকীবোৰ খনিজ সম্পদৰ কথা উল্লেখ নকৰিলো বাৰু৷
২) উল্লেখিত ১২ তৈল ক্ষেত্ৰ:-
এই তৈল ক্ষেত্ৰবোৰ ১৯৬৭ ৰ পৰা ১৯৯৭ চনৰ ভিতৰত আবিস্কৃত৷ তৈলক্ষেত্ৰ কেইটাত মজুত থকা তেল লাভদায়ক পৰিমাণৰ নহয় বাবেই যোৱা ৫০ বছৰে এনেয়ে পৰি আছে৷ বিগত কালছোৱাত কংগ্ৰেছে এই তৈল ক্ষেত্ৰ সমুহৰ একো ব্যৱস্থা নকৰিলে৷ সেয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে এই তৈলক্ষেত্ৰবোৰৰ ব্যৱহাৰৰ কিছু নীতি গ্ৰহণ কৰিছে৷
৩) কি এই নীতি:-
চৰকাৰী ভাৱে এই ক্ষুদ্ৰ তৈলক্ষেত্ৰ সমুহত লাভালাভ আদায় নহ’ব বাবেই এই ১২ টা তৈল ক্ষেত্ৰৰ নিলাম কৰাৰ নীতি গ্ৰহণ কৰে চৰকাৰে৷ এই নিলামৰ যোগেদি চৰকাৰে ৩০,০০০ কৌটি আদায় কৰিব পাৰিব৷ কিন্তু চৰকাৰে নিজে কৰিলে প্ৰতিটো তৈলক্ষেত্ৰত অতিকমেও ৪০০০ কৌটিকৈ (৪০০০×১২০০০=) ৪৮০০০ কৌটি খৰছ হ’ব৷ এতিয়া প্ৰশ্ন হয়, ব্যক্তিগত প্ৰতিস্থানৰ লাভ কেনেকৈ হ’ব? ব্যক্তিগত প্ৰতিস্থান সমুহৰ কৰ্মচাৰী, বিষয়-ববীয়া বা যন্ত্ৰপাতিবোৰ আছেই৷ আনহাতে চৰকাৰী বোলোতে কৰ্মচাৰীৰ বেতন বা সা-সুবিধাই চৰকাৰক খলঠেকতহে পেলায়৷ তাতে আকৌ চৰকাৰী বোলোতে আমাৰ যিহে কৰ্ম-সংস্কৃতি৷ সেয়ে চৰকাৰে লাভালাভ আদায় কৰিব নোৱাৰা ক্ষেত্ৰতো ব্যক্তিগত প্ৰতিস্থানে লাভ আদায় কৰে৷ গতিকে ৪৮,০০০ কৌটি খৰছ কৰি লোকচান হোৱাতকৈ নিলাম কৰি ৩০,০০০ কৌটি আদায় কৰাই শ্ৰেয়৷
৪) এই নিলামৰ পৰা অসমৰ লাভ:-
ইমানদিনে অ-ব্যৱহৃত হৈ পৰি থকা তৈলক্ষেত্ৰ খিনি ব্যৱহৃত হ’লে অসমৰ লাভ হ’ব৷ অসমত ১২ টা নতুন উদ্যোগ স্থাপন হ’ব৷ সেই উদ্যোগত প্ৰয়োজনীয় বিষয়-ববীয়া, কৰ্মচাৰী, বনুৱা আদিকে ধৰি বিভিন্ন সংস্থাপনৰ নতুন দিশ উন্মোচন হ’ব৷ প্ৰতিটো উদ্যোগতে কমেও ৫ হেজাৰ কৈ (৫০০০×১২=) ৬০,০০০ নিবনুৱা সংস্থাপিত হ’ব৷ লগে লগে আনুসাঙ্গিক বেহা বেপাৰ৷ তাতোকৈ ডাঙৰ লাভ হ’ব অসম চৰকাৰৰ৷ উক্ত ১২ টা তৈল ক্ষেত্ৰত উৎপাদনৰ ৰয়েল্টি আৰু Vat Tax অসম চৰকাৰে পাব৷
৫) তেলৰ ৰয়েল্টি অসমে পায় নে:-
সঁচা কথাটো হ’ল স্বাধীনতাৰ ৬৯ বছৰ পিছতো অসমে খনিজ সম্পদৰ নামত কোনো ৰয়েল্টি নাপায়৷ বিপৰীতে আন আন ৰাজ্য সমুহে পায়৷ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে তেতিয়াৰ মনমোহন চৰকাৰৰ বিৰুদ্ধে উচ্চতম আদালতত গোচৰ তৰি গুজৰাটৰ খনিজ সম্পদৰ ৰয়েল্টি আদায় কৰিছিল৷ অসমে আদায় কৰিব পৰা নাই কিয়? কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ সদিচ্ছা অনুসাৰে অসম চৰকাৰে গুজৰাটৰ প্ৰংসগ আনি উচ্চতম আদালতত আৱেদন কৰিছে৷ যাৰ ফলত হয়তো অসমে খনিজ সম্পদৰ ৰয়েল্টি লাভ কৰিব৷ লগতে ২০১১ ৰ পৰা এতিয়ালৈ পাবলগীয়া ১৪৫০০ কৌটিৰ ৰয়েল্টিও লাভ কৰিব৷ এয়া যোৱা ৬৯ বছৰে বঞ্চিত হৈ থকা অসমৰ প্ৰাপ্য৷
বিৰোধীৰ প্ৰতিবাদ আৰু অখিলৰ আন্দোলন:-
বিৰোধী আৰু অখিলে এইবোৰৰ বিৰোধিতা কৰিছে৷ কিন্তু কিয়?
১) অসমৰ এই ১২ টা তৈলক্ষেত্ৰ বিগত ২০ ৰ পৰা ৫০ বছৰৰ দৰেই পৰিত্যক্ত হৈয়ে থাকক নেকি?
২) অসমত উদ্যোগীকৰণ বা নিবনুৱা সংস্থাপন নালাগে নেকি?
৩) চৰকাৰে তৈলক্ষেত্ৰখিনিৰ ব্যৱহাৰ কৰক৷ লোকচান হ’লেও হওঁক৷ বিপৰীতে যদি লাভ হোৱাৰ আশাই আছিল, বিগত আধা শতিকা কংগ্ৰেছৰ চৰকাৰ সমুহে ব্যৱহাৰ কৰি অসমৰ উপকাৰ নকৰিলে কিয়?
৪) অসমে বিগত ৬৯ বছৰৰ দৰেই খনিজ সম্পদৰ ৰয়েল্টিৰ পৰা বঞ্চিত হৈয়ে থাকিব নেকি?
৫) এই বিষয়ে বিৰোধী আৰু অখিলৰ কিবা সু-স্পষ্ট নীতি বা পৰিকল্পনা আছে নেকি? যাতে অসমে ৰয়েল্টি পায়, Tax বৃদ্ধি হয়, উদ্যোগীকৰণ হয়, ৬০,০০০ কৰ্ম সংস্থাপন হয়৷
বিৰোধীৰ হাতত এনেবোৰ নীতিৰ অভাৱ৷ সেয়া যোৱা ১৫ বছৰে প্ৰমাণ পালো৷ অখিলৰ হাতত কিবা আছে নেকি? নে আন্দোলনত প্ৰয়োজন হোৱা সংগী আৰু ইছ্যুৰ অভাৱ হোৱাৰ আশংকাতেই এনে বিধি পথালি?
AVBP-guwahati
Akhil Bharatiya Vidyarthi Parishad (ABVP) (translation: All Indian Student Council) is a right-wing all-India student organisation working in the field of
05/06/2016
Want your school to be the top-listed School/college in Guwahati?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Location
Website
Address
Guwahati
782402