17/06/2026
যোৱা ইংৰাজী ১৫ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু DUMSSC ৰ উদ্যোগত আৰু NSS আৰু ১নং লাখেৰাজ TMPK আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত কৰা দহদিনীয়া শীতকালীন পাঠদান তথা শিক্ষা সজাগতা শিবিৰত অংশগ্ৰহণ কৰা DUMSSC ৰ বিষয়ববীয়াসকলক আজি NSS ৰ তৰফৰ পৰা ড° জিতু বড়া ছাৰে প্ৰশংসা পত্ৰ প্ৰদান কৰে।
13/06/2026
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ অন্তৰ্গত এবছৰীয়া মিচিং ভাষা পাঠ্যক্ৰম (1YPGDML)-ৰ চূড়ান্ত ফলাফল কালি ঘোষণা কৰা হ'ল।এই সাফল্য কেৱল এটা শিক্ষাগত মাইলৰ খুঁটি নহয়; বৰঞ্চ মাতৃভাষাৰ অধ্যয়ন, চৰ্চা আৰু সেৱাৰ পথত আগবাঢ়ি যোৱাৰ এক নতুন প্ৰেৰণা। আপোনালোক সকলোলৈকে DUMSSC ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
05/06/2026
আজি কাৰেং চাপৰি [মিচিং যুৱ মহোৎসৱ (MYF) ক্ষেত্ৰত] ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ অধ্যয়ন চক্ৰ (DUMSSC)-ৰ উদ্যোগত আৰু TMPK নগৰ সমিতিৰ সহযোগত এক বৃক্ষৰোপণ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰা হয়। উক্ত কাৰ্যসূচীত বহু মূল্যৱান আৰু পৰিৱেশ-উপযোগী গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণ আৰু সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ বাবে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস চলোৱা হয়।
05/06/2026
৫ জুন "বিশ্ব পৰিৱেশ দিৱস" উপলক্ষ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ অধ্যয়ন চক্ৰ (DUMSSC)-ৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত এক বৃক্ষৰোপণ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰা হয়। পৰিৱেশ সংৰক্ষণ, সেউজীয়া পৰিৱেশ গঢ়ি তোলা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজিত এই কাৰ্যসূচীত DUMSSC ৰ সদস্যসকলৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে বিশ্ববিদ্যালয় চৌহদৰ বিভিন্ন স্থানত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাসত গছপুলি বিতৰণ কৰা হয়, যাতে আবাসসমূহতো সেউজীয়া পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব পাৰে। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণৰ প্ৰতি নতুন প্ৰজন্মক অধিক দায়বদ্ধ আৰু সচেতন কৰি তোলাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰোঁ।
25/05/2026
২৪/০৫/২০২৬ তাৰিখটো DUMSSC ৰ বাবে এক স্মৰণীয় আৰু গৌৰৱময় দিন হিচাপে চিহ্নিত হৈ ৰ’ল। এই দিনটোত আনুষ্ঠানিকভাৱে নতুন প্ৰতিনিধি দলটোক দায়িত্ব অৰ্পণ কৰা হয়। বিদায়ী সদস্যসকলৰ নিষ্ঠা, পৰিশ্ৰম আৰু দায়বদ্ধতাই DUMSSC ক অধিক শক্তিশালী আৰু সজীৱ ৰূপত আগুৱাই নিয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
তেওঁলোকৰ অৱদানৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে নতুন প্ৰতিনিধি দলটোক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনোৱা হ’ল। আশা কৰোঁ, নতুন নেতৃত্বই ঐক্য, সহযোগিতা আৰু ইতিবাচক চিন্তাধাৰাৰে DUMSSC ক নতুন উচ্চতালৈ আগুৱাই নিব।
25/05/2026
ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ অধ্যয়ন চক্ৰৰ ছাত্ৰ সকলৰ মাজত অনুষ্ঠিত হোৱা ক্ৰিকেট খেলৰ কিছু মুহূৰ্তৰ
Dibrugarh University
15/05/2026
1st Cricket Tournament : 2026
Senior VS Junior (DUMSSC)
02/05/2026
Sharing the Dibrugarh University Admission Help Desk 2026 poster, an initiative by DIBRUGARH UNIVERSITY MISING STUDENTS STUDY CIRCLE (DUMSSC).
If you have any queries related to the admission process, exams, syllabus, or previous year questions, please feel free to contact the numbers listed in the poster. Separate contacts are available for general queries, hostel queries, department-wise queries, and more information.
For official updates, visit: https://dibru.ac.in/
We’re here to help you through the admission process.
Dibrugarh University
19/02/2026
ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্র অধ্যয়ন চক্ৰ (DUMSSC) ৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবছৰো মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ, আমাৰ হেঁপাহৰ আলি-আঃয়ে-লৃগাং উৎসৱটি খুউব উলহ-মালহেৰে উদ্যাপন কৰা হয়।
লৃগাং সফলভাৱে আয়োজন কৰাত আমাক সহায় কৰা TMPK কেন্দ্ৰীয় সমিতিৰ সভাপতি সন্মানীয় তিলক দলে ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ বিকাশ মিছং কাই, ৰবীন চূংক্ৰাং আৰু লেখন কুম্বাং লগতে আমাক সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱা গৱেষক তথা DUMSSC ৰ উপদেষ্টা অনিল মিলি কাই আৰু গৱেষণাৰত দাদা-বাইদেউসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সহায় অবিহনে ইমান সুন্দৰভাৱে লৃগাং আয়োজন কৰা সম্ভৱ নহ’লহেঁতেন।
ইয়াৰ লগতে DUMSSC ৰ প্ৰতিজন সদস্যলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। আপোনালোকৰ একান্ত সহযোগিতা আৰু একতাৰ ফলতেই অনুষ্ঠানটো সাফল্যমণ্ডিত হ’ল।
সদৌশেষত, লৃগাঙৰ দিনা উপস্থিত থকা প্ৰত্যেকজন সদাশয় ব্যক্তিক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাক অধিক উৎসাহ আৰু প্ৰেৰণা যোগালে।
Dibrugarh University Mising Students' Study Circle.
Dibrugarh University