29/05/2021
Taken slow shutter speed photo and make a composition ,Layout
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Institute of Applied Art, Education, North Gauhati.
29/05/2021
Taken slow shutter speed photo and make a composition ,Layout
26/03/2021
বৰ্ত্তনাম সময়ত কোনো এটা সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত লেবেল আৰ্হিয়ে [Label Design] এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে ৷ এটা সুন্দৰ ডিজাইনে গ্ৰাহকৰ মন আৰ্কষণ কৰাৰ লগতে বহুত সময়ত অনিশ্চিত গ্ৰাহককো সামগ্ৰীটো কিনিবলৈ প্ৰলোভিত কৰে৷ সেয়ে এটা সুন্দৰ আৰু অনন্য ডিজাইনে সামগ্ৰীবিধ বিক্ৰীৰ লগতে ব্যৱসায়িক দিশটোত গভীৰ প্ৰভাৱ পেলায়৷
Label Design is an important role in the sales of a product. A beautiful design is also attracting the minds of the customer.
Many times uncertain customers are also tempted to buy the product. So a beautiful and unique one Design has a profound impact on the business side as well as the sales of the product.
10/12/2019
বাতৰি কাকতৰ নামটোৰ আৰ্হিৰ এক স্বকীয় বৈশিষ্ট থাকে ৷ যাক ইংৰাজীত (আমেৰিকা) Nameplate, ইংৰাজীত (ইংলেণ্ড) Masthead আৰু অতি সাধাৰণভাৱে ফ্লেগ (the flag) হিচাবে জনা যায়৷ পৃথিৱীৰ কেইবাখনো বহুল প্ৰচাৰিত বাতৰি কাকতত অল্ড ইংলিচ (the old English) ফন্টটো ব্যৱহাৰ হৈ আহিছে ৷ চিকাগো ট্ৰিবিউন কাকত খনত এই ফন্টৰ ব্যৱহাৰ তাৰ অন্যতম, থিক সেইদৰে আমাৰ অসমৰ বহুল প্ৰচাৰিত দি আসাম ট্ৰিবিউন (The Assam Tribune) কাকত খনত এই ফন্টটো সামান্য আউট লাইন দি ব্যৱহাৰ কৰা দেখা যায়৷
পৃথিৱীৰ বিভিন্ন দেশৰ বাতৰি কাকতৰ মাষ্টহেড বিভিন্ন সময়ত সলনি কৰা দেখা যায় , যদিও আমাৰ ইয়াত তেনেকৈ সলনি কৰা দেখা নেযায় ৷ ১৮৫০ চনৰপৰা এতিয়ালৈকে চিকাগো ট্ৰিবিউন কাকত খনত মাষ্টহেড ৯ বাৰ সলনি কৰা হৈছে !
06/12/2019
১৪৪০ চনৰ পৰা এক সুদীৰ্ঘ পৰিক্ৰমাৰে আৰম্ভ হোৱা ছপা যন্ত্ৰ (Letterpress) অধুনালুপ্ত প্ৰায়৷
অত্যাধুনিক ছপা যন্ত্ৰৰ যুগ, অফচেট (Offset) ছপা যন্ত্ৰৰে নিমিসতে ছপাব পাৰি হাজাৰ হাজাৰ পৃষ্ঠা, তথাপিতো গুৱাহাটীৰ ছাত্ৰীবাৰীত এক নিদিষ্ট তালত সগৌৰৱে ছপা কৰি আছে বিভিন্ন পেকেট, পোষ্টাৰ ইত্যাদি৷
এতিয়াও আছে ইয়াৰ গ্ৰাহক, ছপাৰ দাম বঢ়া নাই ৷ ছপাৰ বাবে প্ৰয়োজনীয় আখৰ পাবলৈ নাই, নাই কোনো ব্লকমেকাৰ, তথাপিও চলি আছে এই ছপা যন্ত্ৰ, চন্দোবদ্ধ গতিৰে৷
বৰ্ত্তমান যুগ ব্যৱহাৰিক বিদ্যাৰ যুগ৷যেনে ব্যৱহাৰিক ৰসায়ন বিজ্ঞান; ব্যৱহাৰিক পদাৰ্থ বিজ্ঞান ইত্যাদি৷
ঠিক সেইদৰে কলা শিক্ষাৰো এক নিৰ্দিষ্ট ব্যৱহাৰিক জগত আছে৷ যিদৰে আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ব্যৱহাৰ কৰা প্ৰায় প্ৰতিটো বস্তুতেই কম বেচি পৰিমানে কলাৰ প্ৰয়োগ থাকে ৷ পুৱাৰ টুথ ব্ৰাছডালৰ কোম্পানীৰ ল’গ’(Logo) ৰ পৰা টিভিটো লৈকে ৷ ব্যৱহাৰ আছে যেতিয়া তাৰ প্ৰয়োজনো আছে কিন্তু বিশেষকৈ অসমত সেই অনুপাতে ইয়াৰ বাবে এনে শিক্ষাৰ অৰ্হতাসম্পন্ন ব্যক্তিৰ অভাৱ ৷
এই অভাৱ কিছুপৰিমানে পূৰন কৰাৰ বাবেই আৰম্ভ কৰা হৈছে :
ইনস্টিটিউট অফ এপ্লাইড আৰ্ট (ব্যৱহাৰিক কলা শিক্ষা প্ৰতিষ্ঠান)
INSTITUTE OF APPLIED ART
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ব্যৱহাৰিক কলা শিক্ষা প্ৰতিষ্ঠান৷
আমবাৰী৷
গুৱাহাটী
| Monday | 9am - 7pm |
| Tuesday | 9am - 7pm |
| Wednesday | 9am - 7pm |
| Thursday | 9am - 7pm |
| Friday | 9am - 7pm |
| Saturday | 9am - 5pm |
| Sunday | 9am - 5pm |